আজিৰ লিখনিটো অসমীয়াত
লিখিম বুলি ভাবিলো। পিছে অসমীয়াত লিখাটো বৰ সহজ নহয়।আগতে মই Leap Office নামৰ এটা software ব্যৱহাৰ কৰিছিলো। সেইটো software ৰ সহায়ত মই কেতিয়াও মোৰ ব্লগত একো লিখি পোৱা নাছিলো। এবাৰ লিখিছিলো,কিন্তু সেই ব্লগ পোস্টতো মই image format ত পৰিবৰ্তন কৰি হে upload কৰিছিলো।অৱশ্য leap office টো unicode typing tool নহয়। এইবাৰ Avro unicode typing tool ব্যৱহাৰ কৰি এই লিখনি লিখিব চেষ্টা কৰিছো।মাতৃ ভাষাত ইন্টাৰনেটত কিবা এটা লিখিব পাৰিলে ভাল লাগে। কিন্তু অসমীয়া ভাষাত লিখা software বোৰ ব্যৱহাৰ কৰিব নজনা বাবে আমি সাধাৰনতে কম্পিউটাৰত অসমীয়াত একো নিলিখো। কম্পিউটাৰত অসমীয়া আখৰ লেখা বুলিলে বৰ টান কাম যেন ভবা যায়। বিশেষকৈ অসমীয়া “কী বৰ্ড”-অৰ প্ৰয়োজন হ’ব আৰু ব্যৱহাৰ কৰিবলৈ নতুনকৈ শিকিব লাগিব বুলি। আমি প্ৰায় সকলোৱেই ইংৰাজী “কী বৰ্ড” ব্যৱহাৰ কৰো আৰু সেয়ে এনেদৰে ভৱাটো স্বাভাৱিক। কিন্ত প্ৰকৃততে তেনে নহয়। ইয়াৰ কাৰণে অসমীয়া কীবৰ্ড শিকাৰো কোনো প্ৰয়োজন নাই, থকাখনেৰেই আমি যদি অলপ সময় উলিয়াই অসমীয়াত লিখা আৰম্ভ কৰো , তেনেহলে আমি শিকিবলৈ বৰ বেছি দিন নালাগিব যেন মোৰ লাগিছে।
মই এই লিখনিটো আৰম্ভ কৰাৰ আগতে ইন্টাৰনেটত অলপ অনুসন্ধান/গবেষনা কৰিলো, আমাৰ অসমীয়া ভাষাটো ইন্টাৰনেটত কি দৰে ব্যৱহাৰিত হৈছে আৰু কি দৰে আমি কম্পিউটাৰ আৰু ইন্টাৰনেটত অসমীয়া ভাষাটো লিখিব পাৰো। প্ৰথমে মই google.com ত search কৰিলো-”Assamese typing software’
২ নং search result টো ক্লিক কৰিলে আমি Avro বুলি এটা software আৰু ৩ নং search result টো ক্লিক কৰিলে Baraha বুলি এটা software download কৰিব পাৰো। দুয়োতা software এ বিনামুলীয়া । মই বৰ্তমানে Avro ৰ সহায়ত এই লিখনিতো লিখিছো । মোৰ এজন বন্ধু শ্ৰী অভিজিত শইকিয়া ই Baraha টো ব্যৱহাৰ কৰি ভাল পোৱা বুলি মোক জনাইছিলে। যিহেতু এই বিষয়ত এতিয়ালৈ মই সামান্য জ্ঞান হে আহৰণ কৰিব পাৰিছো,সেইকাৰনে কেইটামান link share কৰিলো-
১.অন্ত:জালত(internet) অসমীয়া কেনেকৈ দেখিব আৰু লিখিব পাৰি
২.ইউনিক’ডত অসমীয়া লিখা : এটি চমু আলোচনা
৩.বৰাহ আৰু অভ্ৰ কিব’ৰ্ড স্থাপন (installation) আৰু টাইপিং পদ্ধতি
৪.ইউনিক’ড কি ?
আমি যদি Avro ব্যৱহাৰ কৰো তেনেহলে তলত দিয়া link টোৰ পৰা Bornona_Asomiya Layout আৰু ‘Asomiya_Rohini’ font download কৰি ললে অসমীয়া লিখাত সুবিধা হ’ব।
http://www.bhuruka.org/rohini/html.html
ওপৰোক্ত লিখা খিনি আৰু link কেইটা অলপ সময় উলিয়াই অধ্যয়ন কৰিলে ১-২ দিনৰ ভিতৰত আমি সহজেই অসমীয়াত লিখা আৰম্ভ কৰিব পাৰিম বুলি মই আশা কৰো।Avro software টো ব্যৱহাৰ কৰি আমি google ত অসমীয়াত search কৰিব পাৰো ।
ইন্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ
মই এই লিখনি আৰম্ভ কৰাৰ সময়ত ভবা নাছিলো যে ইন্টাৰনেট অসমীয়া জালস্থান(website),জালপঞ্জী(blog) ৰে ভৰি আছে। এতিয়া বহুতে facebook,twitter ইত্যাদি জালস্থানত অসমীয়াত লিখা হৈছে। আজি মই ইয়াতে কেইটামান অসমীয়া জালস্থান আৰু জালপঞ্জীৰ উল্লেখ কৰিম-
Xahitya.org
ইয়াৰ যোগেদি ইণ্টাৰনেটৰ বিভিন্ন উৎসৰ পৰা অসমীয়া ভাষা-সাহিত্যৰলিখনি সমূহ একত্ৰিত কৰি একে ঠাইতে অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে ৷ ‘সাহিত্য ডট্ অৰ্গ’ হৈছে ’অসমীয়াত কথা-বতৰা’ ফে’চবুক গোটৰ উদ্যোগত অসমীয়া ইউনিক’ডত লিখা মেলা কৰাৰ এক মুকলি মঞ্চ , এটা বৌদ্ধিক আন্দোলন৷ সম্পূৰ্ণ বিনামূলীয়া এই মঞ্চত কাৰো ব্যক্তিগত অধিকাৰ নাথাকিব৷ খৰটকীয়া প্ৰকাশ আৰু পাঠকৰ চলন্ত মতামতৰ ব্যৱস্থাৰে ইয়াক নতুন লিখক লিখিকাৰ বাবে কমাৰশাল স্বৰূপে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে ৷ সাহিত্য-ডট্-অৰ্গ হ’ব সাধাৰণ ৰাইজৰ বাবে , সাধাৰণ ৰাইজৰ দ্বাৰা পৰিচালিত সকলো সদস্যৰ এক উমৈহতীয়া মঞ্চ ৷
অসমীয়া ৱিকিপিদডি্য়া
ৱিকিপিডিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ । বিশ্বৰ বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱকে নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে ।
Enajori.com
অসমীয়া কবিতা,অসমীয়া গল্প,বুঢ়ী-আইৰ-সাধু, প্ৰবন্ধ ইত্যাদি
Kuhipat.org
অসমীয়া ইউনিকোড ফ’ণ্ট আৰু ইউনিকোড টাপিং টুল ৰ সম্পৰ্কে মত বিনিময়ৰ মঞ্ছ।
শব্দ: অসমীয়া অনলাইন অভিধান
Ekabeka.com
ইন্টাৰনেটত অসমীয়া ভাষাত বাতৰি উপলব্ধ কৰাৰ এক সংঘবদ্ধ প্রচেষ্টা য’ত সকলোৱে মুক্তভাৱে বাতৰি প্ৰকাশ কৰিব পাৰিব৷
মই আন আন জালস্থান আৰু জালপঞ্জী এই লিখনিত আগলৈ অন্তৰভুক্ত কৰাৰ চেষ্টা কৰিম।

__________________________________________
_________________
I have added following pages recently to MY DIARY-
ANKU’S PHOTOS- My photography.









